পৃষ্ঠা:ৰহঘৰা.djvu/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নতুন “ভোজন-ব্যৱহাৰ”।

উজনিৰ আলহী  নামনি পালেগৈ
 নুশুনি ঘৰৰ হাক;
পুৰণি কলীয়া  মিতিৰৰ ঘৰত
 খাবলৈ পৰিল ‘ভাক'।
যথা ৰীতিমতে  মিতিৰৰ পৰা
 আদৰ-সাদৰ পালে;
নানা তৰহৰ  কথা বতৰাৰে
 তামোল-ধপাত খালে।
মদপী মিতিৰ  মদৰ ৰসত
 নাছিল দেহাৰ ঠিক;
কথাৰ মাজত  আলহীৰ গাত
 তমোল খাই পেলালে পিক।
খাবৰ বেলিকা  সোমাল ভিতৰ
 আলহী চ’ৰাতে থই;
ভাত পানী খাই  চাকি নুমুৱাই
 পাটীত পৰিলগ'ই।
অকলে আলহী  থাকি কিছু বেলি
 দেখিলে সঁ‌হাৰি নাই;
উঠিল বিচাৰি  ভোকে-উপবাসে
 নতুন চিনাকি ঠাই।
আন্ধাৰে মুধাৰে  গ’ই কিছু বেলি,
 পালেগৈ চিনাকি জন;