পৃষ্ঠা:ৰহঘৰা.djvu/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ৰহঘৰা

(৫)
পালেগৈ বিয়াৰ ঘৰ;
থৰক-বৰক  বুঢ়াৰ চকুটো
নাচোনে কৰিলে থৰ।
(৬)
উঠিল হঠাতে গা;
বিবিধ ভঙ্গীৰে  ধৰিলে নাচোন
কোনে চাব খোজ চা।
(৭)
উঠিল মদৰ জাঁ‌ই;
নাচৰ পাকত  “বাই” চৰণত
পৰিল বাগৰ খাই।
(৮)
বৰটো পুতেকে ধৰি,
তেল পানী ঢালি  ঘৰল’ই বুলি,
নিলে খৰ ধৰ কৰি।
(৯)
বুঢ়ীও নাছিল কম!
জেন্তিপিৰ * দৰে  উঠিল জোকাৰি
পাই কথাটোৰ গম।

 

 * গ্ৰীচৰ প্ৰসিদ্ধ দাৰ্শনিক চক্ৰেটিচৰ পত্নী। এওঁ বৰ উগ্ৰ স্বভাৱৰ আৰু কন্দল-প্ৰিয়া আছিল। আন কি, এদিন অকল গালি পাৰিয়েই তুষ্ট নহৈ, চক্ৰেটিচৰ মুৰত এচৰীয়া বোকা পানী ঢালি দিছিল।