পৃষ্ঠা:ৰহঘৰা.djvu/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

ৰহঘৰা

বুঢ়া-বুঢ়ীৰ দন্দ।
(১)
বুঢ়াৰ বয়স পঞ্চাচ।
ৰাতিৰ ৰাতিটো  নাথাকে ঘৰত,
দিনটো খেলে তাচ।
(২)
বুঢ়ীয়ে নধৰে আল।
এনেটো বুঢ়াৰ  সং লোৱাতকৈ
অকলে থকাই ভাল।
(৩)
গাৱঁ‌ত হৈছিল বিয়া;
আনিছিল “বাই”  লক্ষৌৰ পৰা,
হিয়া চুৰকৈ নিয়া।
(৪)
এবাটি ফটিকা খাই,
চকু ৰঙাক'ই  ফিট্​ফাট্​ হ'ই,
বুঢ়া বিয়াল’ই যায়।