পৃষ্ঠা:ৰহঘৰা.djvu/১০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খিচুৰি। ১৫ তেহে যেনিবা “কৃষ্ণাৰ্জুন পিলত” এই যাত্ৰালৈ তলি; ফলত যদিও দুৰ্য্যোধনটো ঠেংটো ভাগি মৰিল। আকৌ তাহানি ৰামৰ ঘৰত দুই হাতেৰে বহাই খকত, দুৰ্বাসা বাপুৰ পেট উথাহ ভীম-দ’ল যেন হ’ল; আলহী সোধাৰ ফলত লক্ষণ মৰিবলৈ ওলাই গ'ল। বায়ে ৰাখি পেটৰ মান, ভীমৰ ঠেকেচাত এৰিলে প্ৰাণ আগ-ভাগ খাই গণেশৰ পেট দাঙিব নোৱৰ হ’ল; ঘোত উঠিব নোৱাৰি শেহত ইন্দুৰৰ ওপৰত ৰ'ল। এতেকে চলিব চাই বুজি, নিদিব। পেটক গুজি গুজি, কিয়নো তেওঁক যিমান পাৰ। যদিও দিয়া আপি; তথাপি মাথোন দে আৰু দে, সকলে। ছাই মাটি। এতেকে তেওঁক বুজি ভৰাই, হৰিধ্বনিৰে ব’লা ওলাই, কিয়নো নতুন ঢলে আজি উটাৰ যেনি তেনি; নাই ঠিক কোন যাব কলৈ কোন উঠিব কেনি। কিন্তু আছে নেদেখা গোঁসাই, ওপৰৰ প্ৰ। আমাকে চাই, তুলিব তেৱেই সকলোটিকে ভয়ৰ সকাম নাই; ৰাখিব সদাই নিৰাপদে যদিও কিবাই পায়। নতুন বছৰৰ নতুন কালত, নতুন মিলন জাগিব প্ৰাণত,