পৃষ্ঠা:ৰহঘৰা.djvu/১০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খিচুৰি। ৯৩ লগত আহিল ‘বনেট’ পিন্ধি reformed বাগীশ্বৰ; বিদ্যা গছৰ পকা-কেঁচা ফল পাচিত ভৰি। ইফালে সিফালে সুবিধা চাই, বিচাৰি ললে সুচল ঠাই, আন্তে-সুস্থে মেলিলে পোহাৰ প্ৰাগজ্যোতিষৰ বুকত; ততালিকে গ্ৰাহক আহি ভৰিল চাৰিও চুকত। কোনোৱে কিনিলে এন্টেন্স-কল, কোনোৱে ইণ্টাৰ-নাৰিকল, কোনোৱে বি, এ,-“পাই-এপল” ৰসেৰে ভৰপূৰ; মহা দামত কিনিব নোৱাৰি কোনোৱে হ’ল দূৰ। বছৰৰ মূৰত লাগিব চাব, লাভ লোকচান কোনে কি পাব; সেইহে আজি খুজিছে যাব বিচাৰি আপোন ঠাই; ভাগিব হাট কিছু দিনলৈ যদিও অন্ত নাই। বছৰৰ অন্তত পৰিব এৰা, ঘৰলৈ ফিৰিব ঘৰৰ লৰা; সেইহে আজি দুখে সুখে mechanical mixture , কিন্তু চোৱ। মেজৰ বুকত what a glorious picture চাহ-পিঠা থৈছে তুলি, তাৰেই ভালকৈ ভৰাম বুলি, চালৰ মোনাটো বুকৰ তলত ৰঙতে আছে নাচি, সেই কাৰণে বিষাদ খেদাই লোৱ। হৰিষ বাছি। কিয়নো তেওঁক অটাৰে জানে, আটায়ে তেওঁৰ প্ৰভুত্ব মানে,