পৃষ্ঠা:ৰহঘৰা.djvu/১০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খিচুৰি।* প্ৰাগজ্যোতিষৰ আগৰ কালৰ, জ্যোতিষ পঢ়ি লাগিল ভাগৰ মনটো থৈ কানিৰ নলটোত থাকিল কঁপি কঁপি; ব্ৰহ্মপুত্ৰৰ পাৰত বহি মালাগুটি জপি। দেখি ভাৰত'য়ে ভাৰত এৰি হাঁহৰ পিঠিত গ'ল গৈ উৰি, সাগৰৰ মাজত খোপনি ল'লে অনাই-বনাই ফুৰি; ৰিা-মেখেলা দলিয়াই পেলাই পিন্ধিলে চোলাঘূৰী। বিলাতে পালে নতুন Muse, ভাৰতবৰ্ষৰ শুনিলে News, লোভত লালটি মুখৰ পৰা টপ টপৰ সৰিল; অলপ দিনতে বাণী পুত্ৰেৰে গোটেই দেশখন ভৰিল। ভাৰত আহি কেতিয়া পাব, কোন বাটেৰে কিহেৰে যাব গুনি-গাঁথি কুমাৰী ৰাণীৰে কথা-বতৰা হৈ , কোম্পানী আহিল সোতৰ শতিকাত তুলাচনীখন লৈ। ভৰত পিঠি কৰি কুঁজা আহিল লগ। মালৰ বোজ,

  • ১৯১৪ চনৰ দীঘ বগৰ আগত পতা কটন হিন্দু হোষ্টেলৰ ছাত্ৰ সকলৰ বিদায

সম্মিলনত পচা।