এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
শঙ্কৰৰ ধৰ্ম্ম
বাৰুণী সেৱন নাই আয়োজন,
মুঠেই নামৰ বোল।
নাম তো নহয় পাঠাৰ মঙ্গহ,
সিজাই দকচি খাব;
পূজাৰী বাপুৱে নাম গাই জানো
পূজাৰ দক্ষিণা পাব?
ইফালে শঙ্কৰৰ যি ডালি ধৰম
তিৰুতা-শূদ্ৰয়ো জানে,
হৰি নাম ললে বামুণতকৈও
চণ্ডালক ডাঙৰ মানে।
এনেপাট ধৰমক যি বোলে ধৰম
সিয়েই দিনতে কণা;
জ্ঞানীয়ে লোকক নজনাই ধৰম,
কৰিছে শাস্ত্ৰই মানা।
ব্ৰহ্মজ্ঞ (?) বামুণে যদিও নিচিনে
“ক”ৰ চুক কেইটামান;
তথাপি গায়ত্ৰী বুজোঁ বুলিয়েই
দিয়ে নে লোকক জান?
এতেকতে ভাই, শঙ্কৰী ধৰম
গঁতিয়াই উলিয়াই দিয়াঁ;
সকলোৰে সাৰ উদৰ পূৰণ
ধৰম সাবটি লোৱা।
⸻