এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শঙ্কৰৰ ধৰ্ম্ম।
( কস্যচিৎ মহাব্ৰাহ্মণস্য।)
“হালোৱা শঙ্কৰে”(?) ধৰম বিলালে
জাত-কুল পিচত থই;
ৰৌ-ৰৌ নৰকত পচিব লাগিছে,
মূৰুখে তাকেই লই।
‘গায়ত্ৰী’ জপিবৰ নাই অধিকাৰ,
কি জানে ধৰ্ম্মৰ মোল;
লোকৰ চুৰকৈ দুকথা শিকালে'
তাতো বাৰেপাচি ভুল।
যিমান ধৰম আছে পৃথিবীত
নজনা কালৰে পৰা;
তাৰ ভিতৰত শঙ্কৰী ধৰম
আটইতকৈ তলত পৰা।
প্ৰথমতে চোৱাঁ,— শঙ্কৰী ধৰ্ম্মত
নাই ৰাসময়ী ৰাধা;
প্ৰেমৰ ৰসেৰে হিয়া বুৰাবৰ
বাটতে বিষম বাধা।
ভকতনীহীন ভকতিৰে সতে
মুকুতি নাপায় কেওঁ;
ইয়াকো নজনা মূৰুখ শঙ্কৰ
নহয় নে মেলেছ দেও?
প্ৰতিমাৰ পূজা নামানে শঙ্কৰে,
নুবুজে পূজাৰ মোল;