এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
আমাৰ জাত।
(১৩)
ভূমণ্ডলত আমাৰটোৱেই
আটাইতকৈ উত্তম জাত।
মানুহক শুনাই বুলিলে ৰাম,
কৰিব পাৰো সকলো কাম;
নামো যদিও পশুৰ শাৰীলৈ,
নালাগে চেঁকা গাত।
ভূমণ্ডলত আমাৰটোৱেই
আটাইতকৈ উত্তম জাত।
(১৪)
ভূমণ্ডলত আমাৰটোৱেই
আটাইতকৈ উত্তম জাত।
ভিতৰত যদিও ঢকুৱাৰ বেৰ,
বাজত নেৰোঁ চুৰিয়াৰ ফেৰ;
এনেকৈয়ে চিৰকাললই
ৰব আমাৰ জাত।
ভূমণ্ডলত আমাৰটোৱেই
আটাইতকৈ উত্তম জাত।
⸺