এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
ডাৰুইনৰ “থিৱ'ৰিৰ” নেগুৰ।
সাৱশেহত কাৰো লগত
নৰব কাৰৰ সঙ্গ;
মুঠৰ ওপৰত, উন্নতি হই
ৰ’ব একেটা অঙ্গ।
মানুহ গুচি ক্ৰমোন্নতিত
কোমোৰা আকাৰ পাব;
কই থ'লোঁ, গুণ নহলেও
ধৰম নো ক’লই যাব?
আপত্তি যদি আছে কাৰো
একে আষাৰেই কোৱাঁ;
প্ৰমোন্নতিৰ নেগুৰ theory
নহলে দাঙি লোৱাঁ।
ললেই নামটো ফাটি ওলাব
সহস্ৰমুখী হ’ই;
জলজল কৰে ওলাম নতুন
([১]) Evolutionist মই।
- ↑ * Evolutionist-ইভলিউচনিষ্ট—ক্ৰমে(ন্নতিবাদী।