এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ডাৰুইনৰ “থিৱৰিৰ” নেগুৰ।
ডাৰুইনে কয়,- “মানুহ জাতি
হনু ককাইৰ বংশ;
উন্নতি হওঁতে ক্ৰমে ক্ৰমে
হেৰাল কিছুমান অংশ।
দীঘল নোমবোৰ চুটি হ’ল
ক্ৰমোন্নতিৰ সোঁতত;
নেগুৰড়ালো খহি পৰিল
ডাল বগোৱাৰ চোটত।
মানুহ নামেৰে নতুন এবিধ
জন্তু পৰিল হই;
একে চোঁচাই পালেহি আগ
সকলো জন্তুতকই।”
শেষ কৰিলে ইমানখিনিতে,
ডাৰুইনৰ তথ্য;
ৰ'ল কিছুমান সেই কাৰণে,
ওপৰঞ্চি কথ্য।
মানুহ সদাই নাথাকে মানুহ,
তাৰো উন্নতি হব;
কওঁ শুনা একে থৰেৰে
কেনেকই কিহত ৰ’ব।-