পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
ৰহঘৰা।

শিকাবা মাথোন মোক ঋষভ-সুৰত
কিদৰে বৰ্ণাব লাগে চাহৰ কাহিনী।
কিন্তু এটি কথা দেবি, নবুজিলে যেন
নকৰা খঙত সাত পুৰুষ নিস্তাৰ,
যিদৰে জাপৰী বায়ে কৰিলে সিদিনা
দেখুৱাই মুদ্ৰা যত বীৰ ৰমণীৰ।
যদিহে কঁকাল পৰি হইছা আথৰ
কালিদাস, বেদব্যাস, বাল্মীকি, হোমাৰ-
চাৰি বাহকৰ কৰি স্কন্ধ-আৰোহণ
হৰিবোল চিঞৰেৰে চলিবা বেগাই;
বিষ্ণুপ্ৰাপ্ত দেহা যথা নিমতলালই।
বীণখনি দিবা লক্ষ্মীৰামৰ পিঠিত
ৰজক-ৰাসভ-পৃষ্ঠে শুদ্ধ বস্ত্ৰ যথা।
শুকাল যদিহে ৰস ভাটী বয়সত,
আনিবা লগত যত ৰসৰ ঘোলনি;-
গেন্ধেলী, ফেদেলী শচী, মেনকা উৰ্ব্বশী,
কুঁজীবাই, শূৰ্পনখা, হিড়িম্বা, ৰাধিকা,
খটাসুৰ, বৰ, ঘটোৎকচ, হনু,
গেৰেলা, ফেদেলা, কানু, অষ্টাবক্ৰ বীৰ;
দেখিলেই বয় যাতে ৰস লীলা গুৰ,
লালটি প্ৰবাহ যথা 'ৰসগোল্লা' দেখি।
শবদৰ ডিমবোৰ উমাই (১) উমাই (২)


(১) উমাই= উমনি দি।  (২) উমাই-পাৰ্বতীয়ে। শব্দ আৰু অৰ্থ=পাৰ্ব্বতী আৰু শিব (প্ৰকৃতি আৰু পুৰুষ )—বায়ুপুৰাণ চোৱাঁ।