এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
ৰহঘৰা৷
উত্তৰ পালোঁ- “সভ্য-সমাজত
হোৱা উচিত যেনে।
কিয়নো যদি ভদ্ৰলোকে
সান্দহ-পিঠা খায়,
পিচ দিনা যে ডাক্তৰৰ 'ভিজিট'
মিছামিছিকৈ যায়।
আলু-কচু “বাই-জ’ভ”
“বাইন্ড বীষ্টৰ” খাদ্য;
তামোল খোৱা কুন্ধচ ৰীতি
আটাইবোৰৰে আদ্য।
যি নুবুজে এনে দিনত
মদমাংসৰ মোল,
মানুহৰ শাৰীত নহয় গণ্য
সিয়েই “গ্ৰেটেষ্ট ফুল।”
কথাটো শুনি ভূমি ছুই
কৰ্ণত দিলোঁ হাত;
বিদায় ললোঁ বন্ধুৰ পৰা
নলগোৱাকৈ মাত।
কৰিলোঁ ঠিক- নহয় কোনো
বন্ধুৰ ঘৰলৈ যোৱা,
আছা যদিহে কোনোবা ৰই
ইয়াতে তুষ্ট হোৱা।
⸻