এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২
ৰহঘৰা।
কোনোৱে গালত বুলালে হাত
প্ৰেমৰ ৰসত পমা।
কাৰোবা প্ৰথম দেখাদেখিতেই
ব’লে চকুৰ পানী;
কাৰোবা মুখ পৰিল ৰঙা,
গাটো উঠিল ঘামি।।
ন বোৱাৰীয়ে বিহু খাবলৈ
মিতিৰ আহিছে শুনি;
ভিতৰৰ পৰা চিনি ললে,
বাৰৰ জলঙাই জুমি।
ইজন-সিজনৰ খাৱন-লৱন
দিয়ন-থোৱন হ’ল;
গা উঠাই গীত গাই
পাক দিবলৈ গ’ল।
“দহ-পঁচি” “চাক্কা-পাঞ্জা”
চিঞৰত গগন ফাঁটিল।
ঢোল-টকা পেঁপা-কালিৰে।
নতুন বছৰ আহিল।
নতুন প্ৰেমিকে লেখিলে চিঠি
সোণালী চিয়াহী লই;
প্ৰেমৰ উপহাৰ কিমান চলিল
কোনো অঁতাব ক’ই?
বিহুৰ বতাহত আমাৰ গাতো
লাগিছিল নতুন ঢ’উ;