এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
পূৰ্ণচন্দ্ৰ।
ফুৰিবলৈ ল’লে দুপৰ ৰাতি,
পলাই ঘৰৰ পৰা।
বাৰ্ষিক পৰীক্ষাৰ উত্তৰ কাকতত
বৃত্তৰ পৰিধি আঁকি;
পূৰ্ণক থলে পৰীক্ষকে
একেটা শ্ৰেণীতে ৰাখি।
পৰীক্ষকৰ কাৰ্য্য অন্যায় বুলি
উঠিল পূৰ্ণৰ খং;
সেই দিনাৰ পৰা অন্ত পৰিল
স্কুলৰ লগত সং।
ছমাহৰ মূৰত বাপেক মৰিল,
মাউৰ বেমাৰত পৰি;
ঘৰৰ গৰাকী হৈ পূৰ্ণই
মাটিত নথলে ভৰি।
মদ-মাংসৰ বজাৰ চলিল,
পৈত্ৰিক চ’ৰা ঘৰত;
চুবুৰীয়াৰ কাণ তান গাগিল,
‘হাৰ্ম্মোনিয়ামৰ" ৰোলত।
বাইজীহঁতৰ আমদানি হ’ল
ভাটী মলুকৰ পৰা;
নাচ-গানৰ ভাব-ভঙ্গীৰে
পূৰ্ণৰ হিয়া ভৰা।
পৈত্ৰিক অৰ্থ অন্ত কৰিলে,
নানা অত্যাচাৰ কৰি;