এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ৰহঘৰা।
চতুৰ্থ শ্ৰেণী পাওঁতে পূৰ্ণই
ষোলত দিলে ভৰি।
সৰুৰে পৰা মাকৰ সাদৰ,
হাতনি পেৰাৰ ধনে;
উচটাইছিল পূৰ্ণচন্দ্ৰক
সকলো কাৰ্য্যৰ পোনে।
তথাপি তেওঁৰ ষোল বছৰলৈ
ভালে কুশলেই গ'ল;
চতুৰ্থ শ্ৰেণী পোৱাৰ পিচতহে
গোটেই সলনি হ'ল।
(এতিয়া) কপালৰ আগৰ দীঘল চুলিত
“জবাকুসুম” ঢালি;
নালাগে সুখ লবলৈ নাপালে
দীঘল সেওঁতা ফালি।
নুশুৱায় ডিঙি কলাৰ নহলে
চচমা নহলে চকু;
টেমি যেন ঘৰি আঁৰি নললে,
শুৱাই নধৰে বুকু।
উৰ্ম্মালত “এচেন্স,” মুখত চেলেউ,
ভৰিত বিলাতী “বুট,”
নেদেখে ষাৰে পূৰ্ণৰ মানত
সেয়ে জঙ্ঘলী ভূত।
এতিয়া পূৰ্ণই সুযোগ বুজি
লই লগৰীয়া লৰা;