এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
ৰহঘৰা।
সেই হে আমি লৈছোঁ মত,
থাকিম সদাই পৰৰ আঁৰত,
থাকিব তেও প্ৰাণটো বীচি
লোক লাথি খাই।
স্বৰ্গলৈ বা নৰ্কলৈ
যাওক মৰা যায় যলৈ;
কড়াকড়ি আমাৰ ভাগত।
আৰু কোনে পায়?
জগতত বাৰু কোনে আজি
ক'ব পাৰে বুকু ডাঠি,
আমাৰ দৰে শিয়ান মানুহ
বিচাৰিলে পায়?
অন্ততঃ ) মৰিলে কাৰো নাথাকে প্ৰাণ,
এই ফেৰা আমাৰ আছে জ্ঞান;
সকলো এৰি প্ৰাণটো ৰখাই
আমাৰ মন্ত্ৰ ঘাই।
সেইহে আমি নোখোজোঁ আন,
চৰ-ঢাকালৈ নকৰোঁ কাণ,
জীয়াই থাকিলে বোপাইৰ নাম,
মান যদিও যায়।
ঘোষা।- আমাতকৈ বুধিয়ক নাই।
বুধিৰ বলত পৰৰ মূৰত
আছোঁ একঠা খাই।
⸻