এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
ৰহঘৰা।
(আৰু) কৰিছিল নানান্ আবিষ্কাৰ,
লোকে ভুঞ্জিছিল সাৰ তাৰ,
যদিও নিজে পেটৰ ভোকত
আছিল কলমলাই।
এই চোৱাঁ,—গণিত-বিজ্ঞান,
ভাৰতে উলিয়াই দিলে প্ৰাণ,
মজা কৰিলে ইউৰোপে
বিনা খৰচে পাই।
আৰু কত যুঁজ-বাগৰ,
কৰি কৰি লাগিল ভাগৰ,
লোকে দেখি হৰিষ পালে
নিলগৰ পৰা চাই।
আজি কিন্তু সিকথা নেচেল,
আমাৰ ওচৰত সকলো “ফে’ইল”
আজি আমি কাম কৰাওঁ
পৰৰ হতুৱাই।
এৰিলোঁ আমাৰ ৰাজ্য-দেশ
কৰিলোঁ ভাবনা-চিন্তাৰ শেষ;
ৰাজ-নীতিৰ লগত আমাৰ
কোনো সম্বন্ধ নাই।
বিজ্ঞান দৰ্শন পিহিছে লোকে,
দিনে ৰাতিয়ে লঘোনে ভোকে,
ঘৈণীৰ লগত চুপতি কৰিয়েই
আমাৰ সময় যায়।