এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
ৰহঘৰা।
(১৬)
মেধিয়ে বলে—“এইটো কোন?”
ডেকাই বোলে– ’ৰান্ধনি বামুণ’;
মেধিয়ে বোলে— “বামুণ যদি
পোন্ধ নো কিয় নাই?”
ডেকাই বোলে- “এনে বাপুৰেই
মেধি তীৰ্থ লৈ যায়।”
(১৭)
“মেখেলা পিন্ধা”—মেধিয়ে কয়,
“মছলমান এইটো বুজিছোঁ মই;
ইয়াৰ হাতেৰে ভাত খুৱাই
দেহাটো কৰিলা ছাই;
আৰু নো কিহৰ আশা কৰি
মেধি তীৰ্থলৈ যায়?”
( ১৮ )
বিনাই বিনাই পইচা দিলে;
ভাতেই মেধিৰ জাতটো নিলে;
নিজকে দূষি মূৰটো দোঁৱাই
চিন্তাত অৱশ কায়;
পাব নে নাপায় জাতটো ভাবি,
মেধি তীৰ্থ লৈ যায়।