এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
মেধি তীৰ্থ লৈ যায়।
(৭)
কৰিলে প্ৰশ্ন—“যাবি কলৈ?
মেধিয়ে কলে—“তীৰ্থ যলৈ,”
শুনি বাবুৱে দিলে ধমক—
“তেনে ‘টিকট’ নাই”
কি হব উপায়? কেনেকৈ এতিয়া
মেধি তীৰ্থলৈ যায়?
(৮)
মেধিয়ে বোলে—“টকাকে খোৱাঁ,
শুনি বাবুৱে বোলে— ‘লোৱাঁ,
গোৱালন্দলৈ দিলে টিকট
দুকুৰি টকা পায়;
কলৈ যাব নজনাকৈয়ে
মেধি তীৰ্থলৈ যায়।
(৯)
জাহাজত মেধিয়ে ললে উঠি,
মেলিলে জাহাজে ঘোৰাৰ চুটি,
পাৰৰ গছবোৰ উভতি লৰিলে,
এনে অদ্ভুত নাই;
লণ্ডণডালত খামুচি ধৰি
মেধি তীৰ্থলৈ যায়।