এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
কন্যামেধ।
পোকে খালতহে দাঁত কেইটা
এৰাই পৰিছে সৰি।
ছমাহ হৈছে এই ভদোৰে
পত্নীয়ে স্বৰ্গ পোৱা;
সেইহে হাতত লাখুটি লই
হৈছে ছোৱালী চোৱা।
(২)
হাদিৰা চকীৰ কৃষ্ণ শৰ্ম্মাৰ
আছিল এটি কন্যা;
দহ বছৰত দিছিল ভৰি
ৰূপে গুণে ধন্যা।
বিয়াৰ বয়সৰ চমু চাপিল,
দৰা পাবলৈ নাই।
কি হব উপায়? বিয়া নিদিলে যে
পৈত্ৰিক জাতটো যায়।
ভোকে লঘোনে দৰা বিচাৰি
টালি-টোপোলা লই;
সাদিনৰ মূৰত গছৰ তলত
ভদোক পালেগই।
ভদোৰ আশাৰ বৰশী-টোপত
লাগিল বুঢ়াৰ মন;
ধনী জোঁৱাই কেওঁ কিছু নাই
পাম বহুতো ধন।
৩