এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
ৰহঘৰা।
নাকটো দেখিলে আটায়ে বোলে,
কচাৰি ৰজাৰ বংশ।
মৰাপাট যেন চুলি-তাৰেৰে
ঢাকা গোটেইটো মূৰ;
শুকুলা ডাঢ়ি গোঁফেৰে সৈতে
মুখ হৈছিল পূৰ।
ঢোল পেট, কুঁজা পিঠি,
ধেনুভিৰীয়া ঠেং;
খোজ কাঢ়োঁতে চোৱা যদি
সাইলাস ভেকুলী বেং।
দাঁতৰ কথাটো নিজে নিজেই
গমি পিটিকি চোৱা,
লোকৰ ঘৰত তামোল নাখায়,
তাতে প্ৰমাণ লোৱাঁ।
বয়সৰ কথাত মুখ নবজাই
‘চুপে থকাই ভাল;
কিয়নো তাৰ কথা ওলালেই
লাগিব খৰিয়াল।–
চকুচৰহা ৰাইজে কয়,
ষাঠি বছৰ বুলি;
প্ৰমাণ দিয়ে আঙ্গুলী টোঁৱাই
দেখুৱাই মূৰৰ চুলি।
ভদোৰ কথা মানিলে মুঠেই
দিছে ত্ৰিচত ভৰি;