এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
চণ্ডাল-কুমাৰী।
নিমিষতে হয় পাপ তাপ ক্ষয়,
হয় ধৰা স্বৰ্গখনি।
এতেকতে সৱে ভক্তি সহকাৰে
গোৱাঁ,-“জয় সুৰা জয়”;
দূৰ হব দুখ, পাবা স্বৰ্গ-সুখ,
নাথাকে নৰক ভয়।
⸻
চণ্ডাল- কুমাৰী।
( কথা-সৰিৎসাগৰৰ পৰা।)
চণ্ডালৰ ঘৰত জম্মিল কন্যা
ৰূপত পোহৰ ঘৰ;
ওপজোঁতেই বাপেকৰ চিন্তা
ক’ত মিলিব বৰ।
বাপেকে বোলে ছোৱালীৰ ৰূপ
সোণতকৈও চৰে;
নামটো হওক কাঞ্চনমতী
ৰজাৰ জিয়াৰীৰ দৰে।
বয়সত কন্যাই ভাবিলে তেওঁ
সবাতকৈ ৰূপৱতী;
যি হব শ্ৰেষ্ঠ গোটেই বিশ্বত
তেওঁকে বৰিব পতি।