এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰহঘৰা।
আকোঁলি নোপাৱা প্ৰকাণ্ড বিৰিখ
হ’ল পৃথিবীত পৰি।
গুটি লাগি তাৰ হই সাঙী ভাৰ
গছত ওলমি ৰলে;
পাই কোনোবাই ৰস উলিয়াই
‘বটলত’ ভৰি থ'লে।
পৃখিবীত পৰি টিকনি ছিপিল,
গল সুধা নাম তাৰ,
পেট কটা বাবে লঠামূৰা “ধ”ৰ
পেট-কটা অৱতাৰ।
‘সুৰ’ নাম হ'ল সৰ্ব্বত্ৰ বিদিত
বেচোঁতাৰ নাম“সুৰি”(শুড়ি?);
পাব পাৰি হেনো এঢোকা খালেই
এতিয়াও স্বৰ্গপুৰী।
এতিয়াও হেনো সুৰাপায়ী হলে
মোহিনীয়ে চুমা যাচে;
ৰাগীটি লগাই যতেই বাগৰা
ততেই স্বৰগ আছে।
পবিত্ৰ সুধাৰ সাধু উপাসকে
দেখে ধৰা পুণ্যময়;
কুকুৰে যদিও কৰে অপকৰ্ম্ম
নাথাকে তথাপি ভয়।
কলকলনাদে ‘গ্লাচত’ ঢালোঁতে
আহে নামি মন্দাকিনী;