এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬
ৰহঘৰা।
সবাৰো শেহত আলহী-ভাগত
চকা পানী-টোপ পালে।
আলহী-চকুৱে দুচকু মুদালে,
ভজা মাছ মাটিতে থ’লে;
চুকত লুকুৱা বোন্দা মেকুৰীয়ে
থাপতে সামৰি ল’লে।
“লাগিব নে কিবা?” গহীন মাতেৰে
গৃহস্থে বাতৰি ল’লে;
ন আলহীয়ে মুখৰ লাজতে
নালাগে বুলিয়ে ক’লে।
আধাপেটী হ’ই, কোৱাৰি চেলেকি
আলহী পৰিল উঠি;
ন ৰান্ধনীয়ে চেতনা লভিলে,
পালে ওৰণিয়ে ‘ছুটি’।
ৰাতি পুৱালতে সকলো কাহিনী
শুনি পালে নাৰী-নৰ;
গতি-গোত্ৰ দেখি উজনিৰ আলহী
ভাটী এৰি দিলে লৰ।
⸻