এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নতুন “ভোজন-ব্যৱহাৰ।”
আলহীক দেখি অতি সাদৰেৰ
নিলে কৰি নিমন্ত্ৰণ।
ৰাতি দুপৰত বন্ধুৰ ঘৰত
খাবৰ সময় হ’ল;
হাত মুখ ধুই ভিতৰ সোমাই
আলহী খাবলৈ গ'ল।
একাঁহী ভাতেৰে আগতে দেখিলে
কাঁহীয়ে আছিল শুই;
আঞ্জাৰ বাটিয়ে আছিল কাষতে
কৰি চুমা খোৱাখুই।
প্ৰবাসী আলহী লাহে লাহে চাপি
ললে আসনত বহি;
ৰচকী ৰান্ধনী মিচিকি হাঁহিৰে
ধৰিলে যোগান আহি।
ফিচিকি ফিচিকি মিচিকি মিচিকি
মূৰত ওৰণি ল'লে;
আজুৰি আজুৰি এফালে টানোতে
ইফালে উদং হ'লে।
ৰচক-পচক থৰক- বৰ
খোজত কঁকাল হলে
ওলাওঁতে উজুতি দুৱাৰ দলিত
সোমাওঁতে পিছলা ল’লে।
ন ন সামগ্ৰী নকৈ আনিলে
পাতে পাতে পাতে দিলে,
২