এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰহঘৰা
বুঢ়া বুঢ়ীৰ দন্দ।
( ১ )
বুঢ়াব বয়স পঞ্চাচ৷
ৰাতিৰ ৰাতিটো নাথাকে ঘৰত
দিমটো খেলে তাচ।
(২)
বুঢ়ীয়ে নধৰে আল।
এনেটো বুঢ়াৰ সং লোৱাতকৈ
অকলে থকাই ভাল।
(৩)
গাৱঁত হৈছিল বিয়া;
আনিছিল “বাই” লক্ষ্ণৌৰ পৰা,
হিয়া চুৰকৈ নিয়া।
( ৪ )
এবাটি ফটিকা খাই,
চকু ৰঙাক’ই ফিট্ফাট্, হ’ই,
ষুঢ়া বিয়াল’ই যায়।