পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খিচিৰি।[১]

 প্ৰাগজ্যোতিষৰ আগৰ কালৰ
 জ্যোতিষ পঢ়ি লাগিল ভাগৰ
মনটো থৈ কানিৰ নলটোত থাকিল কঁপি কঁপি;
ব্ৰহ্মপুত্ৰৰ পাৰত বহি মালা গুটি জপি।
 দেখি ভাৰতীয়ে ভাৰত এৰি
 হাঁহৰ পিঠিত গ'ল গৈ উৰি
সাগৰৰ মাজত খোঁপনি ল’লে অনাই-বনাই ফুৰি;
ৰিহা-মেখেলা দলিয়াই পেলাই পিন্ধিলে চোলাঘুৰী।
 বিলাতে পালে নতুন Muse, [২]
 ভাৰতবৰ্ষৰ শুনিলে News, [৩]
লোভত লালটি মুখৰ পৰা টপৰ টপৰ সৰিল;
অলপ দিনতে বাণী-পুত্ৰেৰে গোটেই দেশখন ভৰিল।
 ভাৰত আহি কেতিয়া পাব,
 কোন বাটেৰে কিহেৰে যাব
গুনি-গাঁথি কুমাৰী ৰাণীৰে কথা-বতৰা হৈ;
কোম্পানী আহিল সোতৰ শতিকাৰ তুলাচনীখন লৈ।
 ভৰত পিঠি কৰি কুঁজা
 আহিল লগত মালৰ বোজা,

  1. “১৯১৪ চনৰ দীঘ বন্ধৰ আগত পতা কটন হিন্দু হোষ্টলৰ ছাত্ৰ সকলৰ বিদায় সন্মিলনত পঢ়া”।
  2. Muse—মিউজ= বাগ্দেবী।
  3. News-নিউজ= বাতৰি।