এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
ৰহঘৰা।
সততে থাকিবি ভাই হই গাই-গোট;
নহলে ঢুকাব নাম যেন পানী ফোঁট।
ৰঙা চুৰিয়াতে মাত্ৰ আছে ধৰ্ম্ম ৰ'ই;
গোসাঁইৰ শোধালে কৰ যাবি স্বৰ্গলই।
হবৰ উন্নত জাতি যদি আছে মন;
শুন এই উপদেশ হই এক মন।
⸺
শাস্ত্ৰৰ টোকা।
(ক)
১। সতী।
সতীৰ ভূষণ—অহল্যা, দ্ৰৌপদী,
কুন্তী, মন্দোদৰী, তাৰা।
শান্তিৰ ধৰম কৰিলে প্ৰচাৰ,
পাই একাধিক দৰা।
২। পত্নী নিৰ্বাচন।
ভ্ৰাতৃ বধূ হ’ল ব্যাসৰ গৃহিণী,
- ভালুকী কৃষ্ণৰ প্ৰিয়া;
হিড়িম্বা ৰাক্ষসী ভীমৰ সঙ্গিনী,
- নাগিনী পাৰ্থৰ জায়া।</poem>}}
⸺