দেৱ শুক্ৰৰ পৰা ধাতুৰ উৎপত্তি! এই কথা লোকে অসম্ভৱ কৰিব পাৰে, কিন্তু সৃষ্টি তত্ত্বজ্ঞ ব্যক্তিৰ পক্ষে ই একো অসম্ভবনীয় নহয়। কেৱল গুণ মাত্ৰৰে পৰা বিশ্বজগতৰ সৃষ্টি, গুণ সকল আকৌ জগততে পৰিব্যাপ্ত হই আছে। কাল কৰ্ম্মাদিৰ সংযোগত তাৰে কোন কোন গুণৰ পৰা দেৱ মনুষ্যাদিৰ উৎপত্তি হয়, অথচ পৰস্পৰৰ সম্বন্ধ অভিন্ন ভাবেই থাকে। অতয়েব দেৱতাক জগতৰ গুণ স্বৰূপ ভাবিলেই তাৰ পৰা আৰু আৰু বিষয় যে স্বভাবতঃ সৃষ্টি হুব পাৰে তাক বুঝিব পাৰি। দেৱতাৰ আকাৰ নামমাত্ৰ।
যি তাম্ জৱা ফুলৰ নিচিনা ৰক্তবৰ্ণ, স্নিগ্ধ, মৃদু, ঘন ক্ষম, আৰু যাত লো-বা সীহ মিশ্ৰিত নাই সেয়ে মাৰনৰ নিমিত্তে প্ৰশস্ত।
যি তাম্ কৃষ্ণবৰ্ণ, ৰুক্ষ, অতিশয় স্তব্ধ, শ্বেতবৰ্ণ, আৰু যাক পিটিলে নষ্ট হয়, এবং যাত লৌহ বা নাগ মিশ্ৰিত থাকে সেই তাম্ৰ দুষ্ট বুলি প্ৰসিদ্ধ।
তাম্ৰ কষায়, তিক্ত, মধুৰ, অন্ন, পাকত কটু, সাৰক, পিত্ত নাশক, শ্লেষ্মষ্ম, শীতল, ব্ৰণৰ ৰোপণকাৰী, আৰু লেখক, লঘু। পাণ্ডু, উদৰ, অৰ্শ, জ্বৰ, কুষ্ঠ, কাস, শ্বাস, ক্ষয়, পিনস, অম্লপিত্ত, শোথ, কৃমি এবং শূল ৰোগৰ শান্তিকাৰক। কোনো কোনোৰ