পৃষ্ঠা:ৰত্নমণি.djvu/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯
সপ্তম অধ্যায়।
ৰূপ কৰিবৰ আৰূ উপায়।

  তেলী আকণৰ মূলৰ ৰস ৰাঙ্গত ফুট দিলে ৰূপ হয়। আৰূ তেলী আকণৰ মূলৰ মৃতিকাৰে মহীকৰি তাত্‌ ৰাং আউটীলেও ৰূপ হয়।

পাৰাভস্ম কৰিবৰ উপায়।

  তেলী আকণৰ মূলৰ ৰস পাৰাত ফুট দিলে পাৰা ভস্ম হয়।

তৃতীয় পরিচ্ছেদ।

⸻⸻

তাম্ৰবিৰৰণ।

নাম।

  তাম্ৰ, তাঁবা, তামা, তাম্ৰক, শুল্ক, ম্লেচ্ছমুখ, দ্ব্যষ্ট, বৰিষ্ঠ, উড়ুস্বৰ, দ্বিষ্ঠ, উদম্বৰ, ঔদুম্বৰ, ঔন্দুৰৰ উদুম্বৰ, উন্দুৰৰ ঔডুম্বৰ, তপনেষ্ট, অম্বক অৰবিন্দৰ বলোহ, ৰবিপ্ৰিয়, ৰক্ত, নৈপালিক, ৰক্তধাতু মুনি পিত্তল, অৰ্ক, সূাঙ্গ, লৌহিতয়স, লোহিতার, তাম্। এই বিলাক তামৰ নাম। আৰু অভিধানত্‌ লিখিছে সূৰ্য্যৰ যিবিলাক নাম আছে সেই বিলাকেই তামৰ নামান্তৰ।

তাম্ৰ উৎপত্তি।

  প্ৰাচিন পুৰাণবিদ পণ্ডিত সকলে কয় যে, কাৰ্ত্তিকেয়ৰ শুক্ৰ পৃথিবীত পতিত্‌ হোৱাত তাৰে পৰা তাম্ৰৰ উৎপত্তি হয়। পৰস্তু লৌহ, টেঙ্গা, তুতিয়া, তিনিৰ সংযোগতো তাম জন্মিব পাৰে।