পৃষ্ঠা:ৰত্নমণি.djvu/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
সপ্তম অধ্যায়।

নদী বিলাকত বালিৰ লগত সোণ পোৱা গৈছিল। অসম ৰাজাৰ দিনত সোণাৰি বা সোণ কমনিয়া উপাধিৰে এজাক মানুহ আছিল, সিবিলাকে যি যি নদ নদীত সোণ থাকে তাক ভালকৈ চিনিছিল, আৰু সেই নদ নদীতে উদৰ ছাল পাতি বালিৰ নিচিনা গুড়ি সোণ সদায় কৰিছিল, তাকে কেঁচা সোণ বোলে। এতিয়াও ভোটৰ ফালৰ পৰা কোন কোন কেঁচা সোণ ওলাই, ইয়াৰ দ্বাৰা বুঝিব পাৰি যে এই সোণ শিলৰ গা তে উপজি শিলৰ সংঘৰ্ষনত বালিৰ দৰে গুড়ি হয় আৰু নদীৰ জল প্ৰবাহত বালিৰ লগতে উটি আহে। পৰন্তু সোণক হেম বোলে, মেৰু পব্বতৰ নাম হেমাদ্ৰি, কথিত আছে যে, হেমাদ্ৰিৰ কোন এটা টিং হে সোণৰ! ইয়াৰ দ্বাৰায় ও হিমৰ অনুকুলত পৰ্ব্বতত সোণ জন্মে বুলি বু্ঝিব প ৰি। ভাবি চালে এনে অনুমানো কৰিব পাৰি যে যি ঠাইত হৰিতালৰ (হাইতালৰ) আকৰ থাকে তাতে সোণ উৎপন্ন হয়, যি হেতুক অভিধানে হৰিতালক কনক ৰস এবং কাঞ্চনক বুলি কৈছে। পৰ্ব্বত বিলাক বিবিধ ধাতু আৰু উদ্ভিজাদিরে পরিপূৰ্ণ। ধাতু এবং উদ্ভিজ বিশেষৰ সংযোগত সোণৰ জন্ম হব পাৰে। কিন্তু যেনেকৈয়ে বা নহওক সোণৰ জন্ম দাতা প্ৰধানতঃ অগ্নি। অগ্নিৰ উত্তাপ ব্যতিৰেকে কোন বস্তুরে ৰস কি বাম্পাদি পৰিপাক হুব নোৱাৰে, পৰিপাকেই তেজোৎপত্তিৰ মূল। সোণ তেজোময়।

কেঁচা সোণৰ লক্ষণ।

 কেঁচা সোন ইটবৰনিয়া সোণতকৈ যৎকিঞ্চিত শেতা কিন্তু বৰণ অতি মনোহৰ, আৰু গধুৰ। এই দেশৰ মানুহে উত্তম