পৃষ্ঠা:ৰত্নমণি.djvu/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
ৰত্নমণি।

ব্যপী, অসীম শক্তি বা গুণ ৰাশিৰ কোন কলামাত্ৰ। এই গুণ বা শক্তিৰ সাধনাতে যাবদীয় বাঞ্চাৰ সিদ্ধি লাভ হয়। এই সাধন কাৰ্য্য যোগ স্বৰূপ; মানুহ যোগ যুক্ত হলে তাৰ স্বভাৱ এবং কায় মনৰ অৱস্থা পৃথক হয়, আৰু দৈৱৰ লগতো তাৰ বিশেষ সম্বন্ধ হয়। ৰোগ শয্যাত পড়িলে, বিদেশ ভ্ৰমন কৰিলে, মাদক বস্তু সেবিলে, ৰাত্ৰি জাগৰণ কৰিলে, সদ্ অসদৰ সঙ্গ নিলে, বয়সত উঠিলে, অন্য কি! স্বাভাবিক ব্যৱহাৰৰ কিঞ্চিৎমাত্ৰ তাৰতম্য ঘটিলেও মানুহৰ বুদ্ধি বৃত্ত্যাদিৰ অবস্থা যেনেকৈ পৰিবৰ্ত্তন হয়, যোগাভ্যাস তো সেই দৰে পৰিবৰ্ত্তন হই লোক কাৰ্য্যক্ষম বা অক্ষম হই থাকে। পৰন্তু কাৰ্য্যবিশেষে দোষ গুণ আছে; তিথি বিশেষত যেনেকৈ যোৱাৰ ভাটা হয়, শয়ন জাগৰণাদিৰ নিমিত্তে দিবাৰাত্ৰিত যেনেকৈ দোষা সময়ৰো দোষ আছে, জোনাকত বাহ বৃক্ষাদি কাটিলে যেনেকৈ ঘুনে ধৰে, ফল-ফুল ইত্যাদিৰ বিবিধ বৃক্ষ আৰু শস্য সকলৰ সম্বন্ধে যেনেকৈ শীত গ্ৰীষ্মাদি ঋতু ভেদ আছে, সেই দৰে ক্ৰিয়া বিশেষৰ নিমিত্তেও সময়ৰ সুভাসুভ আছে। চিন্তা, সময়, কাৰ্য্য, ৰসায়ন, সকলোৰে একোবিধ তেজ আছে, সেই সকলৰ পৰস্পৰৰ সংযোগেই নিৰূপিত কাৰ্য্য সফল হয়। গুণজ্ঞ পণ্ডিত সকলে বিবেচনা পূৰ্ব্বক তাক স্থিৰ কৰিদিছে। আৰু হোম গন্ধে কৰ্ম্মৰ বিঘ্ন জনক কাল দোষ দৈৱ দোষ ইত্যাদি অনেক দোষ নষ্ট কৰে, এতেকে জপ, পূজা, ব্ৰত, হোম ইত্যাদিৰ ব্যৱস্থাক অলীক বুলিব নোৱাৰি। মনৰ দ্বাৰা চিত্ত ভুমিত মন্ত্ৰবীজ ৰোপিত হলে সময়ত অঙ্কুৰিত হয়। দেহ-চিত্তৰ আধাৰ; আকৌ দেহৰ লগত বাহ্য জগতৰ সম্বন্ধ আছে, সুতৰাং