পৃষ্ঠা:ৰত্নমণি.djvu/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
ৰত্নমণি।

বৰ্জ্জিত মনুষ্যে এই ৰম্য মুক্তা লাভ কৰাটান। ইয়াৰ যি মুক্তা শ্বেতবৰ্ণ হয় সি অনুত্তম।

শঙ্খ মুক্তা।

  পাঞ্চ জন্য নামেৰে যি এজাতি শঙ্খ আছে তাৰ কুলতে (বংশতে) শঙ্খ মুক্তাৰ জন্ম হয়। এই মুক্তা বৰ্ষোপলৰ (মেঘ- জাত শিলৰ) নিচিনা দীপ্তিমান। তাৰ আকৃতি কপৌ কণি সদৃশ, কান্তি অতি মনোহৰ। প্ৰকাৰ ভেদে আশ্বিন্যাদি নক্ষত্ৰত্‌ সপ্ত বিংশতি প্ৰকাৰ সুভ মুক্তা উৎপত্তি হয়, তাৰ বৰ্ণ ন প্ৰকাৰ; যথা শুক্ল, অশুক্ল, পীত, ৰক্ত, নীল, লোহিত, পিঞ্জৰ, আকৰ্ব্বুৰা, পাটল। ইয়াৰে উত্তম, মধ্যম, অধম, এই দৰে সপ্ত বিংশতি বিধ হয়। শঙ্খ মুক্তা শ্বেতবৰ্ণ হলে সি অনুত্তম।

মীন মুক্তা।

  মীন মুক্তা গুঞ্জা ফলৰ (ৰাতুল মণিৰ) সমান। লঘু, পাটলা পুষ্প সঙ্কাশ, অল্পকান্তি, সুবৰ্ত্তুল। বাত, পিত, কফ, দ্বন্দ্ব, সন্নিপাতাদি প্ৰকৃতি ভেদে ই মুক্তা সপ্তবিধ; লঘু, অরুণ⸺ বাত প্ৰকৃতি। আপিত, মৃদু—পীত। গুৰু, শুক্ল—কফ। মৃদু, লঘু-বাত পীত। স্থূল —শ্লেষ্মক এবং পিত্ত শ্লেষ্ম জনক সন্নি- পাতকাদি সৰ্ব্ব বিষয়তে প্ৰয়োগ হয়। যি মৎস্য মুক্তা শ্বেত এবং নিস্তেজ সি অনুত্তম মুক্তা।

সৰ্ণ মুক্তা।

  বাশুকি বংশীয় বিষধৰ ভুজঙ্গত সৰ্প মুক্তা উৎপন্ন হয়। মানুহে কেতিয়াবা কোন পুন্য দেশত ক্কচিৎ ইয়াক থকা দেখিবলৈ পাই। এই ফনিজ মুক্তা মীন মুক্তাৰে ন্যায় বিশুদ্ধ, এবং বৰ্ত্তল, ৰম্য, নীল, ছায়াবান, মহা দ্যুতি মান। পুন্য হীন