পৃষ্ঠা:ৰত্নমণি.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ষষ্ঠ অধ্যায়।

দিনৰ ভাগত ইয়াৰ পোহৰ জ্বলি থাকে, ডাৱৰে ঢকা অন্ধকাৰ ৰাতিত সেই দৰেই থাকে। এই জলজ মুক্তা স্বচ্ছ, কোমল, পুৰু কান্তিযুক্ত। মেঘ আৰু মেঘজাত মুক্তাৰ জাতি এবং প্ৰকাৰ ভেদ আছে; জল, জ্যোতি, মৰুত, এই তিনি বিধ্‌ মেঘত তিন প্ৰকাল মুক্তাৰ জন্ম হয়। জলজ মুক্তা স্বচ্ছ, কোমল, পুৰু কান্তি যুক্ত। জ্যোতিষি মুক্তা— কান্তিমান, কোমল, বৃত্ত, দুৰ্ণিৰীক্ষ ৰবি প্ৰভ। মৰুতি মুক্তা বৃত্ত, বিমল, লঘু। যাৰ ঘৰত এই অমূল্য মণি বিদ্যমান থাকে সি এই বিচিত্ৰ ৰত্ন পূৰ্ণা চতুঃসাগৰ। পৃথিবীৰ অধীশ্বৰ হই থাকে। দৰিদ্ৰ ব্যক্তিয়েও যদি মহা পুন্যৰ পৰিনাম স্বৰূপ উক্ত মণি লাভ কৰে তেনে হলে যেতিয়ালৈকে সেই মণি তেওঁৰ ঘৰত থাকে তেতিয়ালৈকে তেওঁ নিষ্কণ্টকে সমস্ত পৃথিবী ভোগ কৰে। এই মণি য়ে অকল ৰাজাৰেই শুভ প্ৰদ এনে নহয়, প্ৰজা বৰ্গৰো সৌভাগ্যৰ বলত্‌ হে ৰাজ্যৰ মাঝত এই মণিৰ জন্ম হয়। যি ঠাইত এই মহা মণি থাকে তাৰ সহস্ৰ যোজনৰ ভিতৰত কোন অমঙ্গল ন হয়।

বৰাহ মুক্তা

  সকলো দেশৰ সকলো বৰাতে মুক্তা ন জন্মে, কেতিয়াবা কেতিয়াবা কোনো কোনো প্ৰাচীন বৰাত হে মুক্তা জন্মি থাকে। মৌক্তিক বৰা চাৰি বিধ; তাঁহাতৰ দাঁততে মুক্তাৰ জন্ম হয়। শুক্ল — ব্ৰাহ্মণ। শুক্ল, ৰক্ত, স্পৰ্শে কৰ্কশ-ক্ষত্ৰিয়। শুক্ল, পীত, কোমল, কোল সদৃশ— বৈশ্য। শুক্ল, নীল, শ্যাম, কৰ্কশ-শূদ্ৰ। বৰাৰ কোল সদৃশ দাঁতত মুক্তা উৎপত্তি হয়। এই মুক্তা বৰাৰ নবোদ্গত দাঁতৰ নিচিনা আভা বিশিষ্ট, এবং প্ৰশস্ত। পু্ন্য