পৃষ্ঠা:ৰত্নমণি.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পঞ্চম অধ্যায়।

মুক্তাৰ বিশেষ বিবৰণ।

 এই অধ্যায়ৰ প্ৰথম পৰিচ্ছেদত মুক্তা বিবৰণ সাধাৰণ আৰু প্ৰায় সংক্ষিপ্ত ভাৱে কোৱা হল; এই পৰিচ্ছেদত প্ৰত্যেক বিধ্‌ মুক্তাৰ বিবৰণ কিছু বিশেষ ৰূপে কোৱা হুব।

ৰুক্মিনাখ্য (শুক্তিজ) মুক্ত।

  শুক্তি (শামূক বিশেষ) জাত মুক্তা জাতি ভেদে চাৰি- বিধ; যথা—সিত, স্বচ্ছ, গুৰু, শুক্ল, প্ৰভান্বিত মুক্তা ব্ৰাহ্মণ। আৰক্ত, স্থূল, অৰুণ, ক্ষত্ৰিয়। পীত, স্নিগ্ধ, শ্বেত, প্ৰভান্বিত মুক্তা বৈশ্য। বৃহৎ শুক্ল, স্থূল, অমিত দ্যুতি, মুক্তা শূদ্ৰ। এই শুক্তিজ মুদ্ৰা অতি দুলভ! ভাগ্য ক্ৰমে নৃপযোগ্য লোকেহে ইয়াক লাভ কৰিব পাৰে। অল্পভাগ্য মানুহে তাক নাপাই, এই মুক্তা অমূল্য, ৰত্ন লক্ষণ কোবিদ সকলে ইয়াৰ মূল্য অনিৰ্দ্দিষ্ট বুলি কয়। যি শুক্তিজ মুক্তা শ্বেতবৰ্ণ এবং শুচ্যাকৃতি সি অনুত্তম মুক্তা। যি মুক্তাৰ গাত শুক্তি লগা থাকে সি দোষী। এই মুক্তা কোনো কোনো বিধ শামুকৰ (ঝিনুকৰ) গৰ্ভত জন্মে।

বংশজমুক্তা।

  বংশজ মুক্তা বাঁহৰ পাৰত জন্মে। ই শশি সঙ্কাশ, কক্কোলী ফল বা আদাৰ নিচিনা। সমুদ্ৰীয় কোন কোন পাঁচ বিধ্‌ বাঁহত প্ৰাৰ্থিবী, তৈজসী, বায়বী, গাগনী, আপ্যা, এই পাঁচ প্ৰকাৰ মুক্তাৰ জন্ম হয়। প্ৰাৰ্থিবী-গুৰু বৎসা। তৈজসী-তেজস,