পৃষ্ঠা:ৰত্নমণি.djvu/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
পঞ্চম অধ্যায়।

মুক্তা বিবৰণ।

প্ৰথম পরিচ্ছেদ।

সাধাৰণ তত্ত্ব।

নাম।

 মুক্তা, মৌক্তিক, শৌক্তিক, মুক্তাফল, মোতী, সৌম্যা, তাৰ তাৰা, ভৌতিক, তৌতিক, অন্তঃসাৰ, শীতল, নীৰজ, নক্ষত্ৰ, ইন্দুৰত্ন, লক্ষ্মী, লক্ষ, বিন্দুকল, মুক্তিকা, শৌক্তেয়ক, শক্তিমণি, শশিপ্ৰভ, শশিপ্ৰিয়, স্বচ্ছ, হিমবল, হেমবত, শুধাংশুরত্ন, সুধাংশুসুভ, ভুৰুহ, শুক্তিজ, মঞ্জৰ, মঞ্জৰী, হাৰি, কুবল, শুক্তি বীজ, এই বিলাকেই মুক্তাৰ নাম।

জন্মস্থান।

 মুক্তা আঠ বা ন প্ৰকাৰ; মুক্তাতত্ত্বজ্ঞ পণ্ডিত সকলে শুক্তি, শঙ্খ, গজ, বৰাহ, ফণী, মৎস্য, ভেক, বেণু (বাঁহ), মেঘ, এই বিলাকতে, সেই সকল মুক্তা উৎপন্ন হয় বুলি কয়।

বীজ।

 পূৰ্ব্বে কোৱা হইছে বলো নামক অসুৰেই সকলো ৰত্ন আকৰৰ বীজ, সেই দৰে উক্ত অসুৰৰ বিশুদ্ধ দস্তাবলীয়েই শুক্তি-