হইছিল, সেই সেই ঠাইতে নানা বৰ্ণেৰে চিত্ৰিৎ আৰু সমুজ্জ্বল
মণি উৎপন্ন হয়, সেই সকল প্ৰশস্ত মণিকে পুলক বোলে।
পুলক মণি শঙ্খ, পদ্ম, ভৃঙ্গ অথবা সূৰ্য্যৰ নিচিনা বৰ্ণ সম্পন্ন।
উক্ত পবিত্ৰ মণি সকল সুতাৰে বান্ধি ধাৰণ কৰিলে সৰ্ব বিষয়ে
মঙ্গল আৰু বিশিষ্ট বুদ্ধিলাভ হয়। যি সকল মণি কাউৰ,
কুক্কুৰ, গৰ্দ্ধভ, শৃগাল, ব্যাঘ্ৰাদি বিকটাকাৰ জন্তু আৰু মাংস
কধিৰেৰে আৰ্দ্ৰমুখ গৃধ্ৰগণে পৰিবেষ্টিত, সেই সকল মণি মৃত্যু
প্ৰদ। অতয়েব উক্ত মণি সকলক পণ্ডিংগণে বৰ্জন কৰিব।
এই পুলক মণিৰ মূল্য নিৰূপণৰ নিয়ম এই; এক পল পৰি-
মিত পুলক মণিৰ মূল্য পূৰ্ব্বে পঞ্চশত মুদ্ৰা নিৰ্দিষ্ট আছিল।
অগ্নিদেৱে দানৱাধীশৰ ৰূপ গ্ৰহণ কৰি নৰ্ম্মদা প্ৰদেশৰ দু- মাটিত পেলাই দিছিল। যি যি ঠাইত দানৱপতি উক্ত বলোৰ ৰূপ নিপতিত হইছিল সেই সেই ঠাইতে ইন্দ্ৰ গোপ মণি সমুৎ- পন্ন হল। উক্ত মণিৰ বৰ্ণ শুক পক্ষীৰ ঠোঁটৰ নিচিনা, আকৃতি পীন্ ফলৰ নিচিনা। কোৱা ঠাইতে নানা প্ৰকাৰেৰে বিৰ চিত ইন্দ্ৰগোপ মণিৰ সমানাকাৰ, ৰুধিৰাখ্য মণিও জন্মিছিল। সেই মণিৰ মধ্যভাগ চন্দ্ৰৰ নিচিনা পাণ্ড বৰ্ণ, অতি বিশুদ্ধ, আৰু ইন্দ্ৰনীল মণিৰ সমানাকাৰ। এই মণি ঐশ্বৰ্য্য আৰু ভৃত্যপ্ৰদ। এই মণি পৰিপক্ক হলে সুৰ বজ্ৰৰ নিচিনা বৰ্ণ- শালী হয়।
কাবেৰ, বিন্ধ্য, যাৱণ, চীন, আৰু নেপাল দেশত বলো ৰামে বলো অসুৰৰ মেদঃ নিক্ষেপ কৰিছিল, যি যি ঠাইত