পৃষ্ঠা:ৰত্নমণি.djvu/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইন্দ্ৰনীল মণিৰ নাম।

 ইন্দ্ৰনীল মণিৰ নাম গোমেদক, পীতৰত্ন। ইয়াক পান্না, মৰকত মণিও বোলে।

বৈদুৰ্য্য মণিৰ নাম।

 বৈদুৰ্য্যৰ নাম দূৰজ ৰত্ন , কেতু বল্লভ, বালবায়জ, কেতুৰত্ন, কৈতব, প্ৰাবৃয্য, অভ্ৰৰোহ; খৰাব্দাঙ্কুরক, বিদুৰত্ম, বিদূৰজ, নীলোৎপল।

পান্নাদিৰ উৎপত্তি।

 সূৰ্য্যদেৱে মহাবল বলো অসুৰৰ মহাৰত্নৰ বীজস্বৰূপ শোণিত লই নীলবৰ্ণ নভোমাৰ্গে দি গুচি গৈছিল, এনে সময়তে অমৰ বিজয়ী লঙ্কেশ্বৰ ৰাৱণে বল দৰ্পেৰে গৰ্ব্বিত হই আদ বাটৰ মাঝত ৰাহুৰ নিচিনাকৈ সূৰ্য্যকে নিৰোধ কৰিলে, তেতিয়া দিবাকৰে সিংহল দেশীয় কোন বিখ্যাত নদীত সেই বলো অসুৰৰ ৰক্ত পৈলাই দিলে। সেই তটিনী অতি মনোহৰা! তাৰ জল সিংহল কামিনীগণৰ নাদোৰনিৎ আৰু বিপুল– নিতম্বর ধুপালনিত আন্দোলিত হইছিল, তাৰ দুই দাঁ‌তিত পুগদ্ৰুম সাৰিৰ সোভা পাইছিল, সেই দিনাৰে পৰা সেই নদী গঙ্গাৰ ন্যায় পুণ্য প্ৰদায়িনী ৰাৱন গঙ্গা নামে খ্যাত হল। সেই দিনাৰে পৰা নিশা যোগত সেই নদীৰ দাঁ‌তিত ৰত্নৰাশি সঞ্চিত হুবলৈ ধৰিলে। সেই বিলাক ৰত্ন কনক ময় নাৰাচ অস্ত্ৰ রাশিৰ নিচিনা স্বীয় প্ৰভাৰে ৰাত্ৰি কালত আলোক পূৰ্ণ হুই শোভা পাবলৈ ধৰিলে। সেই নদীৰ জলত পদ্মৰাগ,