পৃষ্ঠা:ৰত্নমণি.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
ৰত্ন মণি।

পৰিমিত হয়, পূৰ্ব্বকালত মণি শাস্ত্ৰবিত পণ্ডিৎ সকলে তাৰ মূল্য আন হীৰাৰ দুগুণ নিশ্চয় কৰিছিল। সেই পৰিমাণৰ ত্ৰিভাগ, অৰ্দ্ধভাগ, চতুৰ্থাংশ ত্ৰয়োদশাংশ, ত্ৰিংশাংশ, ষষ্ঠীতমাংশ, অশিতিতমাংশ, শততমাংশ, কিম্বা সহস্ৰতমাংশ, ন্যুন বা অধিক হলে মূল্যও সেই সেই পৰিমাণে ন্যুনাধিক হয়। দ্বাদশ তণ্ডুল পৰিমিত হীৰাৰে পৰা হীৰাৰ প্ৰথম মূল্য নিৰ্দ্দিষ্ট হয়। পাছত দুই তণ্ডুল পৰিমাণ ন্যুনাধিক্যত মূল্য তাৰতম্য হই থাকে। এই পৰিমাণ যেনে তেনে চাউলেৰে নহয়; যি টো চাউল যোখত আঠোটা বগা সৰিয়হৰ সমান হয়, তেনে চাউলেই এই পৰিমাণৰ উপযুক্ত। যি হীৰা অল্প বা লক্ষ, অলক্ষ, কোন দোষে দোষিত হয়, স্বাভাবিক মূল্যৎ কৈ তাৰ মূল্য দহ ভাগৰ এভাগ হয়। যি বজ্ৰত ক্ষুদ্ৰ বা বৃহত দেখাদেখি অনেক দোষ থাকে স্বাভাবিক মূল্যৰ শতাংশও তাৰ মূল্য নহয়। আলঙ্কাৰিক হীৰাৎ যদি কোনৰূপ স্পৰ্শদোষ লক্ষিত হয় তেন্তে তাৰ মূল্য আশাকৈ তাকৰ হয়।

হীৰাৰ পৰীক্ষা।

  মণিশাস্ত্ৰকুশল ব্যক্তি সকলে অয়স্কান্ত, পুষ্পৰাগ, গোমেদ, বৈদূৰ্য্য, স্ফটিক, আৰু বিবিধ বৰ্ণৰ কাচ-হীৰাৰ নিচিনা কৰি থাকে, পণ্ডিৎ সকলে পৰীক্ষা কৰি হীৰা লবলাগে। ক্ষাৰ দ্ৰব্যেৰে ঘঁহি (উল্লেখন কৰি) হীৰা পৰীক্ষা কৰিব। পৃথিবীত যত প্ৰকাৰ ৰং আৰু লৌহ প্ৰভৃতি ধাতু আছে হীৰাই সকলোকে বিলেখন কৰিব (খানিব বা চাঁচিব) পাৰে, কিন্তু আন কোন ৰত্ন বা ধাতুৱে হীৰাক তেনেকৈ বিলেখন