স্বৰূপ, বাস্তবিক সেই বিলাক জাতীয় ৰত্ন নহয়, আন বিলাক স্বজাতীয় ৰত্ন।
প্ৰকৃত ৰত্ন দুবিধ; প্ৰথম বিধ মহাৰত্ন, আন বিধ উপৰত্ন। মহাৰত্ন ন প্ৰকাৰ, যথা মুক্তা ফল, হীৰা বা হীৰক, বৈদুয্য, পদ্মৰাগ মণি, পুষ্পৰাগ, গোমেদ, নীলকান্তমণি, গায়েত্মত বা গারুত্মত (পান্না), পোৱাল। উপৰত্ন বহু প্ৰকাৰ আছে; যথা-কাচ্, কপ্ৰ্পু, ৰাশ্মা, মুক্তা, শুক্তি, শঙ্খ, প্ৰভৃতি। এই উপৰত্নও প্ৰায় মহাৰত্নৰে নিচিনা, কিন্তু গুণে কিঞ্চিৎ হীণ। পৰন্তু স্বৰ্ণ, হীৰা, নীল মণি, পদ্মৰাগ, মুক্তা, এই পাঁচ্ বিধকে পঞ্চৰত্ন বোলে।
সৰ্ব্ব শাস্ত্ৰ বিসাৰদ বিশেষতঃ ৰত্ন গুণাভিজ্ঞ পণ্ডিত মহাত্মা শুত প্ৰভৃতিযে এই দৰে কৈছে যে, বলো নামে এটা অসুৰৰ শৰীৰেই সকলো মণি ৰত্ন আকৰৰ বীজ। দেৱ হীতাৰ্থে দেৱ যজ্ঞত বলোৱে আপোন শৰীৰ পশুৰ দৰে দান কৰিছিল; সেই উৎকট পুন্যৰ ফলে তেঁওৰ শৰীৰ ৰত্ন বীজ স্বরূপ হইছিল। দেৱতা বিলাকে সেই শৰীৰ বিমানত তুলিলৈ আকাশে দি গতিকৰাত তাৰ অবয়ব সকল (অস্থিমাংসাদি) খণ্ড খণ্ড হই জল স্থল পৰ্বত কাননাদি য’তে, য’তে, পৰি গল ত’তে, ত’তে, ৰত্নৰ আকৰ হল। এই দৰেই হওক বা আন কোন প্ৰকাৰেই হওক পৰ্ব্বত, নদী, সমুদ্ৰ, এই বিলাকেই ৰত্ন খনিৰ স্থান; আরু তাতেই ৰত্ন বিলাক জন্মে। পৰন্তু প্ৰাণী শৰীৰ এবং