পৃষ্ঠা:ৰত্নমণি.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰত্ন মণি।

সকলে ব্যৱহাৰ কৰে সি সকলে তাৰ গুণৰ আশা ন কৰে; কেৱল শোভা বা সভ্যতা বৃদ্ধিৰ নিমিত্তেই হে কৰে। মুখ্য উপকাৰৰ আশা নথকা অলঙ্কাৰৰ ব্যৱহাৰ বৃথা ভাৰ বোৱা মাত্ৰ। তাৰ নিমিত্তে যি অৰ্থ ব্যয় কৰা যায় সি বাঁজি গাই কিনাৰ নিচিনা।

বস্তুৰ গুণৰ প্ৰমান।

কোনোৱে সুধিব পাৰে যে, ৰত্ন দেহৰ বাহিৰত থাকি অন্তৰস্থ ৰক্তাদিৰ কি উপকাৰ কৰিব? যদি বাহিৰত থাকি কিবা উপকাৰ কৰিব পাৰে তেন্তে গাৰ কাপবৰ ওপৰত থাকিও কৰিব পাৰিব, তাৰ উত্তৰ এই — শৰীৰৰ বাহিৰ ভিতৰ সকলো সমান, ৰক্ত সৰ্ব্বশৰীৰতে ব্যাপ্ত আছে, — চৰ্ম্ম, চক্ষু, জীহ্বা, কৰ্ণ ইত্যাদি জ্ঞানেন্দ্ৰিয় বিলাকত থাকি তেজে শ্ৰবণ, দৰ্শন, ঘ্ৰান, স্পৰ্শ ইত্যাদি দ্বাৰা চুম্বক পাথৰে লোৱা ধৰাৰ দৰে বাহিৰৰ সকলো বিষয়ৰে গুণ আকৰ্ষন কৰে। বিছা, চামচেরুৱা, চন্দণ চোৰাত ইত্যাদি গাত লাগিলে, মনোহৰ দ্ৰব্য দৰ্শন কৰিলে সুশ্ৰাব্য গীত শ্ৰবণ কৰিলে, সুগন্ধি বস্তুৰ ঘ্ৰাণ পালে, শৰীৰ মন কেনে কৰে সেয়ে তাৰ প্ৰমাণ। কিন্তু কাপৰৰ ওপৰত থকা বস্তুৰ গুণ গৌণেহে কথঞ্চিৎ ধৰিব পাৰে, জুইৰ নিচিনা বড় চোকা বস্তু নহলে তাৰ গুণ লগতেই গাত্‌ সোমোৱা টান।

বস্তুৰ দ্বাৰা সুভাসুভাদি আকৰ্ষণ।

  ৰত্ন সংসৰ্গত শৰীৰৰ তেজ বীৰ্য্যাদি হৰ্ষিত আৰু প্ৰফুল্লিত হই থাকে; তাতে ৰক্তাদিৰ অলসতা বা শঙ্কোচিত ভাব এবং অন্যান্য নানা অসুভাদি দুৰিভূত হয়, মণ স্ফুৰ্তিযুক্ত হয়। বিশে-