পৃষ্ঠা:ৰত্নমণি.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অধ্যায়।

দিয়া বা ভৰি দিবলৈ ইচ্ছা কৰা বা সিবিলাকৰ পাচ্‌ ধৰা দেশীয় মানুহ বিলাকৰ মনৰ পৰা ৰত্নালঙ্কাৰৰ ভক্তি শ্ৰদ্ধা অনেক আঁতৰাইছে; ইয়াক সিবিলাকৰ সৌভাগ্যৰ বিষয় বুলি স্বীকাৰ কৰিব নোৱাৰি। অলঙ্কাৰে অসভ্যতা দেখাব এই ভয়ত ৰত্নালঙ্কাৰৰ ওপৰত অৱহেলা প্ৰকাশ কৰা আপনাৰ অশেষ হানিৰ কাৰণ মাত্ৰ। যি সকলে ৰত্নালঙ্কাৰ ব্যৱহাৰ কৰিবলৈ লাজ কৰে, সি সকলে জ্যোতিম্ময় গৃহত বাস কৰিবলৈ, অপূৰ্ব্ব শয্যাত শয়ন কৰিবলৈ, সুগন্ধি দ্ৰব্যৰ ঘ্ৰান লবলৈ, মনোহৰ উদ্যানত ভ্ৰমন কৰিবলৈ লাজ নকৰে কিয়? ৰত্নালঙ্কাৰৰ গুণ এই বিলাকতকৈ কম নহয়। যদি দেশীয় অলঙ্কাৰ বিলাক সিবিলাকৰ বেশোপযুক্ত নহয় বুলি অরুচিকৰ হয়; তেন্তে আপোনাৰ মাৰ্জিত বুদ্ধিৰে তাক মনৰ দৰে কৰিললেই হয়, যেনে তেনে রূপে শৰীৰত ৰত্ন থাকিব লাগে মাত্ৰ। অলঙ্কাৰৰ আকাৰ প্ৰকাৰ দোষনীয় হলে ও ৰত্ন একো দোষনীয় নহয়।

গুণহীন অলঙ্কাৰ মিছাভাৰ বোৱা মাত্ৰ।

  আজি কালি চেইন, ইয়াৰিং ইত্যাদি নামেৰে বিবিধ প্ৰকাৰৰ যি বিলাক বিদেশী অলঙ্কাৰ ওলাইছে সি যদিও দেশীয় অলঙ্কাৰ হাৰ কুণ্ডলাদিৰ অনুরূপ; তথাপি দেশীয় বেশৰ উপযোগী নহয়, যেই বা নহক লোকে তাকো ৰত্ন বোধে ব্যৱহাৰ কৰা যেন দেখা না যায়; তাৰ দ্বাৰা কেৱল বেশ্‌হে অলঙ্কৃত কৰে মাত্ৰ। যিহেতুক এই বিলাক অলঙ্কাৰত বিশুদ্ধ ৰত্ন প্ৰায় নাই, তেন্তে তাৰ গুণো অৱশ্য তেনেকুৱা! বিশেষতঃ বিধিমতে, তাৰ ব্যৱহাৰ নাই, ইয়াতে বুঝিব পাৰি যে, এই অলঙ্কাৰ যি