কি কি বিলম্বে প্ৰাণ নাশক ইত্যাদি কেইবা প্ৰকাৰৰো মৰ্ম্ম আছে। আৰ্য্য সকলৰ ৰত্ন ভূষনাদি ধাৰণৰ ব্যৱস্থা এই মৰ্ম্ম সম্বন্ধীয় বিচাৰ সম্মত বুলিও প্ৰমান পোৱা যায়। অৰ্থাৎ ৰত্নালঙ্কাৰৰ দ্বাৰায় সেই সকল মৰ্ম্ম স্থানৰ উপকাৰ হয়।
শৰীৰৰ অবয়ব বিলাকৰ পৰা দেহ ঘটত আত্মাৰ অসীম সুভাসুভ গোট খাই, এই কাৰণে সেই অবয়ব বিলাকত উপযুক্ত ৰখিয়া নিযুক্ত কৰা উচিত। শৰীৰৰ প্ৰত্যেক বিভাগ আৰু অঙ্গোপাঙ্গাদিত গ্ৰহোপগ্ৰহাদিৰ অধিকাৰ আছে, সেই সেই গ্ৰহোপগ্ৰহাদিৰ লগত ৰত্নৌষধিৰ বিশেষ সম্পৰ্ক। মানিক্যে সূৰ্য্যৰ, সুন্দৰ, নিম্মল মুক্তাফলে-চন্দ্ৰৰ, প্ৰৱালে-মঙ্গলৰ, মৰকত মণিয়ে-বুধৰ, পদ্মৰাগে-বৃহস্পতিৰ, হীৰুকে-শুক্ৰাচাৰ্য্যৰ, নিৰ্ম্মল নীল কান্তে-শনিৰ, আরু গোমেদ, বৈদুৰ্য্য মণিয়ে- বাহু কেতুৰ দুৰ্দ্দৃষ্টি নিবাৰণ কৰে। ৰত্নাভৰণৰ ধাৰণত দেহ শুচি, আৰু নিষ্পাপ, এবং পুষ্ট হয়, মনৰো সন্তোষ সাধিত হয়, দুঃখ দৌভাগ্যাদি দূৰ হয়। মানুহ সৌভাগ্য শালী হয়। মনুষ্যৰ দোষ বিলাক জন্ম মাত্ৰেই গ্ৰহ বিভূতি রূপে পৰিণত হয়, দেহস্থ ৰক্তাদি সেই দোষ স্পৰ্শ হলেই বিকৃতি (মলিনতা) প্ৰাপ্ত হয়। সেয়ে নানা ৰোগোৎপত্তিৰ আরু সুখ সন্তানাদি হানিৰ কাৰণ। দেহত্ যেনে দোষ জন্মিব, সি তদুপযোগী বিঘ্ন বিপত্ত্যাদিক আহ্বান কৰিব সংশয় নাই।
বৰ্তমান কাল বৈদেশিক সভ্যতায় শিক্ষাৰ জখলাত্ ভৰি