পৃষ্ঠা:ৰত্নমণি.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( গ )

এটী নাম দি অসমৰ ব্যৱস্থা পুস্তক এখানি লেখিবলৈ অগ- বঢ়া হইছে। সৃষ্টিতত্ত্ব এবং জাতিমালা এই দুটীভাগ এক প্ৰকাৰ শেষ হইছে, এতিয়া সমাজ আৰু প্ৰায়শ্চিত্ত বিষয় আৰম্ভ কৰা হইছে। ইয়াত দান, উইল, উত্তৰাধিকাৰীত্ব ইত্যাদি বিবিধ বিষয় সংক্ষেপে লেখা হুব। এই ৰত্নমণি প্ৰকাশৰ দ্বাৰায় যদি আমি সাধাৰণৰ ঘৃণাস্পদ নহঁও, আৰু ই জ্ঞানী সকলৰ ওচৰত পিৰালিকাঁথিতো যদি কিঞ্চিৎ মাত্ৰ ঠাই পাই, তেন্তে অবিলম্বে উক্ত ব্যবস্থা খানি অল্প অল্পকৈ ক্ৰমে প্ৰকাশ কৰিবলৈ প্ৰয়াস পোৱা যাব। পৰন্তু মনুষ্য জাতিৰ শুভাশুভ বুঝিবৰ নিমিত্তে অদৃষ্ট তত্ত্ব নামেৰে আৰু এখানি পুথী সোন- কালে প্ৰকাশ কৰিবলৈ আম ৰ ইচ্ছা আৰু যত্ন আছে। ভৰসা কৰোঁ ইয়াৰ পাছতে সি ও প্ৰকাশ হুব পাৰিব।

নগাঁও, অসম।।
১৫ আশ্বিন ১৮০। শক।

শ্ৰীৰুদ্ৰৰাম বড়দলৈ