পৃষ্ঠা:ৰত্নমণি.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(খ)

কিঞ্চিৎ পৰিমাণে দুৰ হুবৰ আশাৰে “মূৰ্খৰ বিদ্যাধৰ নামৰ নিচিনাকৈ” ৰত্নমণি নাম দি এই ক্ষুদ্ৰ পুথীখানি লেখা হল, সাধাৰণে ইয়াক ৰত্নমণি নোবোলক যদি সামান্য এডুখরি কাঁচ যেন বিবেচনা কৰিযো ইয়াৰ প্ৰতি কিঞ্চিৎ দৃষ্টিপাত কৰে তেন্তে আমাৰ শ্ৰম সাৰ্থক হুব।

 “ৰত্ন” এইটী হিন্দুশাস্ত্ৰোক্ত হিন্দুজাতিৰ ব্যৱহাৰীয়নাম, ইয়াক আন আন জাতিয়ে যি নো বোলক, ইয়াৰ বিবৰণ আন আন জাতিয়ে যেনেকৈবা নকওক আৰ্য্য পণ্ডিত সকলে যি বস্তুক ৰত্ন বুলি চিনাই দি গৈছে, আৰু তাৰ আঁতি গুড়ি সিবিলাকে যেনেকৈ লিখি গৈছে তদনুসাৰেই এতিয়া তাৰ চিনাকি লোৱা উচিত হইছে। এই কাৰণে ইবাৰ মুখ্যাংশ আমাৰ আৰ্য্য পণ্ডিত সকলৰ ৰচিত গ্ৰন্থৰ পৰাই সঙ্কলিত হল্‌। এবং প্ৰমান সিদ্ধ বিবিধ্‌ যুক্তি ইত্যাদিৰে তাক ভূষিত করা হল। ভাষা বা ৰচনা বিষয়ত দোষ ধৰি কোনোৱে যদি ইয়াৰ ওপৰত ঘৃণা প্ৰকাশ কৰে তেন্তে সি আমাৰ সম্বন্ধ গোময়, গঙ্গাজলৰ নিচিনা হুব। কিন্তু আৰ্য্য শাস্ত্ৰৰ গন্ধ থকা বাবে যুগ মায়াত মুগ্ধ কোন লোকে যেন ইয়াত অৰুচি প্ৰকাশ নকৰে এয়ে আমাৰ প্ৰাৰ্থনা।

 অৱশেষত আমাৰ আৰু এফেৰি মান মনৰ কথা ইয়াতে প্ৰকাশ কৰোঁ লোকে শুনি হাঁহিব পাৰে, আৰু উৎসাহ দিবও পাৰে, যাৰ যি স্বভাৱ তাকে কৰক, কিন্তু আমি লাজলৈ পিঠি দি দেশৰ পৰম হিতাৰ্থী শ্ৰীযুক্ত ৰায় গুণাভিৰাম বড়ুৱা ডাঙ্গৰীয়া বাহাদুৰৰ উৎসাহেৰে বয়নাই চন্দ্ৰলৈ হাত মেলাৰ দৰে চাকোলাই পৰ্ব্বত বগাবলৈ ধৰাৰ দৰে আমাৰ নাওসৰে কোন