পৃষ্ঠা:ৰচনা মালিকা.pdf/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
ৰচনা মালিকা

 উঃ—গাৱঁৰ মানুহবোৰৰ আৰ্থিক অৱস্থা বেছিভাগৰে মজলীয়া। দুই-এঘৰহে ধনী মানুহ আছে।

 প্ৰঃ— গাৱঁৰ মানুহবোৰে কি উপায়েৰে জীৱিকা নিৰ্ব্বাহ কৰে?

 উঃ—গাৱঁৰ মানুহবোৰৰ বেছিভাগেই খেতি কৰাৰ উপৰিও জাপি শিল্পত ৰত থাকে। কিছুমানৰ দোকান-পোহাৰ আছে। বণিয়া- বোৰে সোণ-ৰূপৰ ব্যৱসায় কৰে। শিক্ষিত লোকসকলৰ কিছুমানে চাকৰি কৰে। এই বোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে গাৱঁৰ মানুহবোৰে জীৱিকা নিৰ্ব্বাহ কৰে।

 প্ৰঃ—শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত গাওঁখন কেনেকুৱা?

 উঃ— শিক্ষাদীক্ষাৰ ক্ষেত্ৰত লাহে লাহে গাওঁখন আগবাঢ়ি আহিছে। ঘৰে ঘৰে দুই-এজন ল’ৰা-ছোৱালী শিক্ষিত হৈ ওলাইছে। বাহিৰত চাকৰি কৰা লোকৰ সংখ্যাও অলপ অলপকৈ বাঢ়িছে।

 প্ৰঃ—গাওঁখনত কিবা অনুষ্ঠান আদি আছে নে?

 উঃ—শিক্ষা অনুষ্ঠানৰ ফালৰ্পৰা আমাৰ গাৱঁত এখন হাইস্কুল, এখন এম্, ভি, স্কুল, এখন এম্, ই স্কুল আৰু এটা পুথিভঁৰাল আছে। টেলিফোন আদি কৰিব পৰা ব্যৱস্থাৰে সৈতে এটা পোষ্ট অফিচো আছে।

 প্ৰঃ—আমাৰ গাৱঁত ৰাজহুৱাকৈ কোনো উৎসৱ-পাৰ্ব্বন আদি পতা হয় নে?

 উঃ—তিনিটা বিহুৰ ভিতৰত মাঘ বিহু আৰু ব’হাগ বিহুৰ সময়ত গাওঁখন ৰং-ৰহইচেৰে ভৰি পৰে। মাঘ বিহুৰ প্ৰথম দুদিন আমাৰ গাৱঁত ডাঙৰ সভা হয়। সভাৰ দুয়ো দিনত ঢুলীয়া, ওজাপালি, যাত্ৰাভিনয় আদিয়ে নানাধৰণৰ সুৱাগী অনুষ্ঠান আগ বঢ়ায়।