পৃষ্ঠা:ৰচনা মালিকা.pdf/৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
ৰচনা মালিকা

গাওঁখন ভৰা। আমাৰ গাৱঁত আহোম ৰজাৰ দিনৰে এটা ডাঙৰ পুখুৰী আছে। পুখুৰীটোৰ নাম কালীসাগৰ পুখুৰী। দেখিবলৈ ই অতি ধুনীয়া। তাৰ পাৰত এটা কালীমন্দিৰ, এটা শিৱমন্দিৰ আৰু এটা বিষ্ণুমন্দিৰ আছে। গাওঁখনৰ মাজেদি উত্তৰা-দক্ষিণাকৈ এটা চৰকাৰী ৰাস্তা পাৰ হৈ গৈছে। আন এটা চৰকাৰী ৰাস্তা পশ্চিম ফালৰপৰা পূৱ মূৰাকৈ আহি কালীমন্দিৰৰ চোতালত আগৰ ৰাস্তাটোৰে সৈতে তিনি আলিৰ সৃষ্টি কৰিছে। কালীমন্দিৰক কেন্দ্ৰ কৰি এই তিনি আলি চকত গঢ়ি উঠা দোকান-পোহাৰে গাওঁখনৰ সৌন্দৰ্য্য বঢ়াইছে। আমাৰ গাওঁখন নলবাৰী চহৰৰপৰা চাৰি কিলোমিটাৰ দূৰত অৱস্থিত। নলবাৰীৰপৰা গাওঁখনলৈ বিদ্যুৎ সৰবৰাহ কৰা হৈছে। ৰাস্তাৰ কাষে কাষে থকা বিজুলী চাকিৰ পোহৰত গাওঁখন জিলিকি থাকে।

 প্ৰঃ—আমাৰ গাৱঁৰ জনসংখ্যা কিমান?

 উঃ—আমাৰ গাৱঁৰ জনসংখ্যা প্ৰায় এহেজাৰ। ঘৰ হিচাপে গাওঁখনত প্ৰায় ১২০ (এশ বিশ) ঘৰ মান মানুহ আছে।

 প্ৰঃ— আমাৰ গাৱঁত কোন কোন ধৰ্ম্মৰ মানুহ বাস কৰে?

 উঃ—আমাৰ গাৱঁত কেৱল হিন্দুধৰ্ম্মৰ মানুহহে বাস কৰে।

 প্ৰঃ—হিন্দুৰ ভিতৰত কোন কোন সম্প্ৰদায়ৰ মানুহ আছে?

 উঃ—হিন্দুৰ ভিতৰত গাওঁখনত কোচ আৰু কেওট সম্প্ৰদায়ৰ লোকেই বেছি। ইয়াৰ উপৰিও আমাৰ গাৱঁত ব্ৰাহ্মণ, কলিতা, বণিয়া, নাথ আৰু কায়স্থ সম্প্ৰদায়ৰ লোক আছে।

 প্ৰঃ—গাৱঁৰ মানুহবোৰৰ আৰ্থিক অৱস্থা কেনেকুৱা?