পৃষ্ঠা:ৰচনা মালিকা.pdf/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
ৰচনা মালিকা

 প্ৰঃ— গোলাপফুল ক’ত ক’ত পোৱা যায়?

 উঃ—এই ফুল পৃথিবীৰ সকলো দেশতে পোৱা যায়। পাৰস্য দেশৰ গোলাপ ফুল পৃথিবী বিখ্যাত।

 প্ৰঃ—গোলাপ ফুলৰ উপকাৰিতা কি?

 উঃ—গোলাপৰ সুগন্ধই আমাক আনন্দ দিয়ে। পূজা-পাৰ্ব্বন আদিত এই ফুল ব্যৱহাৰ কৰা হয়। উৎসৱ আদিত এই ফুলেৰে ফুলদানি, তোৰণ আদি জাক-জমককৈ সজাব পাৰি। গোলাপ ফুল খোপাত গুজিলেও সৌন্দৰ্য্য বাঢ়ে। এই ফুলৰপৰা আঁতৰ আদিও তৈয়াৰ কৰা হয়।

  • ওপৰত দিয়া প্ৰশ্নোত্তৰৰ সহায়ত গোলাপ ফুলৰ বিষয়ে এখন

ৰচনা লিখা।

⸺⸺


লাই-শাক

 প্ৰঃ — লাই শাক কি বস্তু?