পৃষ্ঠা:ৰচনা মালিকা.pdf/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
ৰচনা মালিকা

 প্ৰঃ—পাৰৰ আকৃতি কেনেকুৱা?

 উঃ—ই দেখিবলৈ ধুনীয়া। পাৰ দীঘলে প্ৰায় এক ফুট মান হয়৷ ইয়াৰ এটা টান ঠোঁট আছে। দুটা চকু আছে। চকু দুটা ঘূৰণীয়া। দুখন ঠেং আছে। প্ৰতিখন ঠেঙতে চাৰিটাকৈ নখ আছে। দুখন ডেউকা আছে। পাৰৰ এখন দীঘল ফিচা আছে।

 প্ৰঃ—পাৰ কি কি বৰণৰ আছে?

 উঃ—বগা, কলা, পখৰা আদি নানা বৰণৰ পাৰ চৰাই আছে।

 প্ৰঃ—ইয়াৰ স্বভাৱ কেনে?

 উ:—পাৰ চৰাই অতি নিৰীহ। ই জাক পাতি থাকি ভাল পায়। ই ধান, মাহ, সৰিয়হ, চাউল, খুদ আদি ঠোঁটেৰে খুটিয়াই খাই জীয়াই থাকে। ডেউকাৰ সহায়ত ই উৰি ফুৰে। কণী পৰাৰ সময়ত ই বাঁহলৈ খেৰকুটা কঢ়িয়ায়। সেই খেৰকুটাৰ ওপৰতহে ই কণী পাৰে। ই এবাৰত দুটাকৈ কণী পাৰে। পাৰই কণীত উম্ দি পোৱালি জগায়। ই সাধাৰণতে মাহে মাহে কণী পাৰে।

 প্ৰঃ—-পাৰৰপৰা আমাৰ কি উপকাৰ হয়?

 উঃ—পাৰৰপৰা আমাৰ নানা ধৰণৰ উপকাৰ হয়। পাৰ বেচি আমি টকা আৰ্জ্জিব পাৰোঁ। ইয়াৰ মঙহ বৰ সোৱাদ। ইয়াক খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। পাৰই ৰাতিপুৱা ৰুণ দিয়ে। পাৰৰ মাতে আমাক পুৱাতে শোৱাপাটী এৰাত সহায় কৰে।

 প্ৰশ্ন :—পাৰৰ প্ৰতি আমাৰ কৰ্ত্তব্য কি?

 উঃ—আমি অতি যত্ন আৰু মৰমেৰে পাৰ পুহিব লাগে। ইহাৰ শত্ৰুও আছে। শেন, মেকুৰী আদি ইয়াৰ প্ৰধান শত্ৰু। এই